thumbnail

পাঠশালাৰ ষ্টেত বেংকৰ শাখাত মনা নাই ক’ভিড প্ৰ’টকল

By

Published : May 5, 2021, 1:55 PM IST

সমগ্ৰ ৰাজ্যত ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ ইয়াৰ সমান্তৰালভাৱে বজালীতো ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই তিনিশৰ ঘৰ অতিক্ৰম কৰিছে । কিন্তু পাঠশালাস্থিত ষ্টেত বেংকত কৰ্মসূত্ৰে অহা ব্যক্তি সকলৰ মাজত কোনোধৰণৰ সামাজিক দূৰত্ব মনা নাই । বজালী বিভিন্ন স্থানৰ পৰা এই বেংকলৈ দিনত বহু লোকৰ সমাগম হয় । অতি পৰিতাপৰ বিষয় যে যিটো সময়ত ক’ভিড-19য়ে গোটেই দেশ জুৰি তাণ্ডৱ চলোৱাৰ সময়চোৱাত একাংশ লোকে মাস্ক নিপিন্ধাৰ লগতে সামাজিক দূৰত্ব দৰে ক’ভিড সম্পৰ্কীয় কোনো নীতি-নিয়ম মানি চলা নাই বেংকত। এই সন্দৰ্ভত গ্ৰাহক সকলে বেংকৰ মুৰব্বীক বেংকত সমাজিক দূৰত্বৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.