লক ডাউনঃ খেতিপথাৰতে নষ্ট হৈছে কৃষকৰ ফচল
🎬 Watch Now: Feature Video
ওদালগুৰি, 9 এপ্ৰিলঃ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষক সকলৰ মাজত । লক ডাউনৰ ফলত উপযুক্ত বজাৰৰ অভাৱত এতিয়া খেতি পথাৰতে নষ্ট হৈছে কৃষকৰ ফচল । গ্ৰাহকৰ অভাৱত ওদালগুৰি জিলাৰ ইকৰাবাৰী, ধিপিচৰা আদি ভিন্ন ঠাইৰ হাজাৰ হাজাৰ বিঘা পাচলি পৰি ৰৈছে খেতি পথাৰতে ।