thumbnail

ন্যাৰ্য প্ৰাপ্তিৰ দাবীত সৰুপথাৰত পঞ্চায়ত প্ৰতিনিধিৰ প্ৰতিবাদ

By

Published : Sep 20, 2021, 10:42 PM IST

ন্যাৰ্য প্ৰাপ্তিৰ পৰা বঞ্চিত হৈ সৰুপথাৰত প্ৰতিবাদত নামিল পঞ্চায়ত প্ৰতিনিধি । গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ অন্তর্গত ২১ খন গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক সদস্য আৰু ৱাৰ্ড সদস্য সকলে একত্ৰিত হৈ সোমবাৰে ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ । তেওঁ লোকৰ এই কাৰ্যসূচীত জিলা পৰিষদৰ সদস্য সকলেও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, প্ৰায় ২৪ মাহতকৈ অধিক সময় পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে বঞ্চিত হৈ আছে তেওঁলোকৰ প্ৰাপ্য মাননিৰ পৰা । চলিত বর্ষৰ জুলাই মাহত বিভাগীয় মন্ত্রী ৰঞ্জিত দাসে পঞ্চায়তৰ জনপ্ৰতিনিধি সকলৰ প্ৰাপ্য মাননি দিবৰ বাবে চৰকাৰে ১৭০ কোটি টকা মুকলি কৰি দিয়াৰ কথা সদৰী কৰিছিল যদিও বিভাগীয় মন্ত্রী গৰাকীৰ ঘোষণাৰ পিছটো পঞ্চায়তৰ জনপ্ৰতিনিধি সকলে আজি পৰ্যন্ত তেওঁলোকৰ প্ৰাপ্য পাবলৈ সক্ষম নহ'ল ৷ ধনশিৰি মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্রীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে পঞ্চায়ত প্ৰতিনিধি সকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.