Rajya Sabha Election: আজমলক সাক্ষাৎ কৰিলে দেৱব্ৰত শইকীয়াই - Debabrata Saikia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 7, 2022, 8:39 PM IST

ৰাজ্যসভাত খালি হ’বলগীয়া দুখন আসনৰ এখনত সংখ্যাৰ ফালৰ পৰা বিৰোধীৰ এজন প্ৰাৰ্থী অনায়াসে জয়ী হ’ব পাৰে যদিও আগ্ৰাসী বিজেপিৰ আশংকাত বিৰোধী শিবিৰ এতিয়াও নিশ্চিত হ’ব পৰা নাই আসনখনক লৈ । কিয়নো কংগ্ৰেছ আৰু এ আই ইউ ডি এফ উভয়েই নিজা পচন্দৰ প্ৰাৰ্থী আগবঢ়াব খুজিছে এইখন আসনৰ বাবে । ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰি আলোচনা চলাবলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিল । সেইসূত্ৰেই সোমবাৰে সন্ধিয়া বিৰোধী দলপতিগৰাকীয়ে দিছপুৰৰ বিধায়ক আৱাসত সাক্ষাৎ কৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক (Debabrat Saikia meet Badaruddin Ajmal)। দীঘলীয়া সময়জুৰি দুয়োগৰাকী নেতা আলোচনাত মিলিত হয় । আলোচনাৰ অন্তত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকি বিৰোধী দলপতি গৰাকীয়ে কয় যে, সংখ্যাৰ ফালৰ পৰা যিহেতু ৰাজ্যসভালৈ বিৰোধীয়ে এজন বিজেপি বিৰোধী প্ৰাৰ্থী পঠিয়াবলৈ সক্ষম গতিকে কেনেকৈ ইয়াক কাৰ্যকৰী কৰিব পাৰি সেই বিষয়েই আজমলৰ সৈতে আলোচনা কৰা হৈছে । যিহেতু বিধানসভাৰ মজিয়াত কংগ্ৰেছ বা এ আই ইউ ডি এফ উভয়েই বিজেপি বিৰোধী স্থিতি লৈ আহিছে গতিকে ৰাজ্যসভা নিৰ্বাচনতো দল দুটাই একেলগে আগবঢ়া উচিত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.