thumbnail

By

Published : Jan 20, 2022, 9:49 PM IST

ETV Bharat / Videos

Massive fire at Digboi Oil field : ডিগবৈৰ অইল ফিল্ডত ভয়াৱহ অগ্নিকাণ্ড

ডিগবৈৰ অইল ফিল্ডত সংঘটিত হৈছে ভয়াৱহ অগ্নিকাণ্ড (Massive fire at Digboi Oil field) ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত ঐতিহাসিক ডিগবৈৰ এক নং কুপৰ সমীপৰ খাৰছাং পইণ্টত বৃহস্পতিবাৰে সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে, অইল ইণ্ডিয়া লিমিটেডৰ তেল সৰবৰাহ কৰা খাৰচাং পইণ্টত ৰৈ থকা এখন বলেৰ’ বাহনত আকস্মিকভাৱে জুইৰ সূত্ৰপাত ঘটে ৷ এই জুয়ে মূহুৰ্ততে ভয়াৱহ ৰূপ ধাৰণ কৰাত পুৰি ছাইলৈ ৰূপান্তৰিত হয় বাহনখন (one vehicle destroyed in massive fire at Digboi) ৷ এই সময়তে বাহনখনৰ নিচেই সমীপতে থকা উচ্চ চাপৰ গেছ পৰিবাহী পাইপত অগ্নিসংযোগ ঘটে ৷ যাৰ বাবে জুয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ ততালিকে ঘটনাস্থলীত উপস্থিত হয় IOC আৰু অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী ৷ অৱশেষত প্ৰায় ডেৰ ঘন্টাৰ মূৰত জুই নুমুৱাবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে ৷ উল্লেখযোগ্য যে, ঘটনাস্থলীৰ কাষতে অৱস্থিত ১৮৮৯ চনত আৱিস্কৃত এছিয়াৰ প্ৰথমটো শোধনাগাৰ ডিগবৈৰ এক নং তৈলকুপটো দৈৱক্ৰমে ৰক্ষা পৰে ৷ ডিগবৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত বৰদলৈয়ে ঘটনাৰ বুজ লৈ তদন্ত অব্যাহত ৰাখিছে ৷ অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ ডিগবৈ তেল শোধানাগাৰৰ কাষতে এনে অগ্নিকাণ্ড সংঘটিত হোৱাত ৰাইজ স্বাভাৱিকতে আতংকিত হৈ পৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.