thumbnail

By

Published : Jan 1, 2022, 1:30 PM IST

ETV Bharat / Videos

Man Elephant Conflict : গোলাঘাটত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant-Man conflict in assam) ৷ বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিছে সাধাৰণ ৰাইজে ৷ শনিবাৰে গোলাঘাট জিলাৰ নুমলীগড়ৰ পাঁচ নং ৰংবঙত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এজন ব্যক্তিৰ (One person killed by wild elephant attack) ৷ জানিব পৰা মতে, শুই থকা অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰিছিল স্বামী-স্ত্ৰীক ৷ যাৰ ফলত থিতাতে নিহয় হয় চাৰ ওৰাং নামৰ লোকজন ৷ এই ঘটনাত ব্যক্তিগৰাকীৰ পত্নী জীৰ্কী ওৰাং গুৰুতৰভাৱে আহত হোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ সম্প্ৰতি মহিলাগৰাকীৰ অৱস্থা যথেষ্ঠ সংকটজনক ৷ এইক্ষেত্ৰত বন বিভাগে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.