বটদ্ৰৱাত আৰ্তজনৰ ত্ৰাণকৰ্তাৰ ৰূপত দেবেন আতৈ.. - দেবেন আতৈ
🎬 Watch Now: Feature Video
দেশজুৰি জাৰি কৰা লক ডাউনে স্তব্ধ কৰিছে জনজীৱন । অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত দুৰ্যোগ নামিছে দৰিদ্ৰ লোকৰ জীৱনলৈ । এই সময়চোৱাত প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দৰিদ্ৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী লোক ।
মানুহজন বটদ্ৰৱাৰ । সংসাৰ ত্যাগ কৰি কুৰি বছৰে গুৰু সেৱাত নিবৃত হৈ থকা লোকজনক দেবেন আতৈ বুলিয়েই সকলোৱে জানে । কুৰিটা বছৰে বটদ্ৰৱা থানৰ হাটীবহাতেই তেওঁ অতিবাহিত কৰিছে জীৱন । কাহিলী পুৱাৰে পৰা নিশালৈকে থানৰ নিত্য নৈমিত্তিক চৈধ্য প্ৰসঙ্গৰ মাজতেই নিমজ্জিত আতৈৰ জীৱন । বটদ্ৰৱা থান সেৱাৰ বাবে অহা ভক্ত বৈষ্ণৱে আগবঢ়োৱা ভোজনীৰে দুবেলা দুমুঠি গ্ৰহণ কৰিয়েই ধন্য তেওঁ । কিন্তু ভোজনীত পোৱা সামগ্ৰী কেৱল নিজৰ বাবেই নাৰাখি, ভক্ত বৈষ্ণবৰ পৰা পোৱা টোপোলাৰে তেওঁ আজি ঠিয় হৈছে আৰ্তজনৰ কাষত ।