ৰজা ফেঁটী ডিঙিত মেৰিয়াই বিপজ্জনক খেলা : পৰিণাম মৃত্যু

By

Published : Oct 6, 2021, 9:39 PM IST

thumbnail

ডিঙিত এডাল প্ৰকাণ্ড ৰজা ফেঁটী বা কিং কোব্ৰা মেৰিয়াই খেলা দেখুৱাইছে দুজন ব্যক্তিয়ে ৷ প্ৰকাণ্ড বিষধৰ সাপডাল ডিঙিত মেৰিয়াই বা হাতেৰে ধৰি ৰাইজৰ আগত প্ৰদৰ্শন কৰিছে দুজন লোকে ৷ এই ঘটনা সংঘটিত হৈছে কাছাৰৰ ধলাই সমষ্টিৰ বিষ্ণুপুৰত ৷ সাপ নহয় যেন ফুলৰ মালা বা খেলৰ সামগ্ৰীহে ৷ কাছাৰৰ ধলাই সমষ্টিৰ বিষ্ণুপুৰত সংঘটিত হৈছে ঘটনাটো ৷ সাপৰ খেলা চাবলৈ মানুহেও ভিৰ কৰিছে গাঁওখনত ৷ সাপৰ কোনো সৰু-বৰ নাই, বা পোৱালি সাপো সমানেই বিষাক্ত ৷ এই ধৰণৰ যোজনা আপুনি প্ৰায়েই শুনিবলৈ পাই ৷ কিন্তু যেতিয়া সাপৰ সৈতে মানুহে খেলা কৰিবলৈ ধৰে তেতিয়া হয়তো পাহৰি যায় এই সাৱধানবাণী ৷ সেই লোকজনেও হয়তো ভবা নাছিল ডিঙিত মেৰিয়াই যে ডিঙিত সেয়া সাপ নহয় মৃত্যুক মেৰিয়াই লৈছে তেওঁ ৷ সাপৰ খেল দেখাই থাকোঁতেই হঠাৎ ফেঁটী সাপটোৱে খোঁট মাৰে ৰঘুনন্দন নামৰ লোকজনক ৷ লগে লগে মাটিত ধলি পৰে ৰঘুনন্দন ৷ উপস্থিত লোকসকলে ততাতৈয়াকৈ ৰঘুক শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ জানিবপৰা মতে, ইতিমধ্যে বন বিভাগে জব্দ কৰিছে প্ৰকাণ্ড সাপটো ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.