গাঞ্জাসহ এজনক আটক বিশ্বনাথ আৰক্ষীৰ

By

Published : Aug 3, 2021, 9:52 PM IST

thumbnail
বিশ্বনাথত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । অভিযানত গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ । মঙলবাৰে সন্ধিয়া বিশ্বনাথ জিলাৰ DSP জয়ন্ত বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বিশ্বনাথ ঘাটৰ পুৰণি গাঁৱৰ মামনি দাস নামৰ এজন মহিলা বাসগৃহত অভিযান চলায় ৷ বাসগৃহটোৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাসহ এই ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহত উৎপল দাস নামৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰে । এই অভিযানকালত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয় উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.