হাফলঙত কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ মনোনয়ন দাখিল - ষষ্ঠ অনুসূচীক ৰক্ষা কৰাৰ যুজঁ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 11, 2021, 9:33 PM IST

ডিমা হাছাও জিলাৰ 16 নং হাফলং বিধানসভা সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচাৰ মনোনয়ন পত্ৰ দাখিল ৷ শতাধিক দলীয় সমৰ্থকক লগত লৈ বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে নিৰ্মল লাংথাচায়ে ৷ হাফলং ৰাজীৱ ভৱনৰ পৰা বিশাল শোভাযাত্ৰা কৰি হাফলঙস্থিত জিলা ৰিটাৰ্ণিং বিষয়া পল বৰুৱাৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচায় ৷ প্ৰাৰ্থী গৰাকীক সংগ দিয়ে উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিৰাট লাংথাচা, লোকমণি লাংথাচা আৰু অভাষ্টিং পাঁচয়াঙে ৷ মনোনয়ন দাখিলৰ পাছতে সাংবাদিকক সাক্ষাৎ কৰি এইবাৰৰ নিৰ্বাচন উন্নয়নৰ বাবে যুঁজ নহয়, ষষ্ঠ অনুসূচীক ৰক্ষা কৰাৰ যুঁজ বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ লগতে কংগ্ৰেছে ৰাজ্যত ক্ষমতা দখল কৰিলে 244 (ক) অনুচ্ছেদ অনুসাৰে ৰাজ্যৰ ভিতৰত পৃথক ৰাজ্য গঠনৰ দাবীৰ সফল ৰূপায়ণ কৰাৰ চেষ্টা চলাব বুলি মন্তব্য কৰে ৷ ইপিনে, ভাৰতীয় ট্ৰাইবেল পাৰ্টীৰ প্ৰাৰ্থী খানদান দাওলাগাপুয়েও বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰলৈকে হাফলং সমষ্টিটোত মুঠ তিনি গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.