New born baby rescue : সদ্যজাত কন্যা শিশুক পেলাই থৈ গ’ল বাঁহনিত !

By

Published : Nov 18, 2021, 1:07 PM IST

thumbnail
আমগুৰিত হৃদয়হীন পিতৃ-মাতৃৰ অমানৱীয় কাণ্ড ৷ সদ্যোজাত(New born baby)ক এৰি গ'ল বাঁহনিৰ মাজত ৷ আমগুৰিৰ নামতি বঙালী গায়েন গাঁৱৰ সমীপৰ এখন বাঁহনিৰ মাজত উদ্ধাৰ হোৱা এটি নৱজাতক(New born baby rescue)ৰ ঘটনাই জীৱশ্ৰেষ্ঠ মানৱৰ নিকৃষ্ট মানসিকতাকে উদঙাই দিছে ৷ বুধবাৰে পুৱা বাঁহ কাটিবলৈ যোৱা সুশীল কালিন্দী নামৰ ব্যক্তিজনে উদ্ধাৰ কৰে সদ্যোজাত কন্যা শিশুটি ৷ কাপোৰেৰে মেৰিয়াই বস্তাৰ মাজত সুমুৱাই কোনোৱে বাঁহনিৰ তলত পেলাই থৈ গৈছিল শিশুটিক ৷ সম্প্ৰতি বুধ কালিন্দী নামৰ এগৰাকী ব্যক্তিৰ ঘৰতে ৰখা হৈছে শিশুটিক ৷ এয়া কোনো লোকৰ অপকৰ্মৰ ফল নতুবা কোনো লোকে কন্যা শিশু জন্ম পোৱাৰ বাবে শিশুটিক অনাদৰ কৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ তদুপৰি উক্ত লোকসকলে শিশুটিক অনাদৰ কৰা দোষীক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসন(Sivsagar District Administration)ক আহ্বান জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.