অৱহেলিত হৈ ৰৈছে ঐতিহাসিক ৰজাপুখুৰী - ঐতিহাসিক ৰজাপুখুৰী
🎬 Watch Now: Feature Video
অসম চৰকাৰৰ প্ৰত্নতাত্বিক সঞ্চালকালয়ে(Directorate of Archaeology Assam) প্ৰত্নতাত্বিক স্থান(archaeological site of Assam) হিচাপে ঘোষণা কৰা ৰজাপুখুৰী(Historical Rajapukhuri pond) এতিয়া অৱহেলিত । ২ হেক্টৰতকৈও অধিক ভূমি আগুৰি থকা ইতিহাস প্ৰসিদ্ধ পুখুৰীটো সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত প্ৰত্নতাত্বিক বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ১৯৫৯ চনৰ অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু তথ্য অধিনিয়মৰ অধীনত প্ৰত্নতাত্বিক স্থান হিচাপে স্বীকৃতি দিয়া এখন ফলক আঁৰিয়েই দায়িত্ব সামৰিলে বিভাগটোৱে । ইতিহাস প্ৰসিদ্ধ এই পুখুৰীটো সংৰক্ষণ আৰু সংবৰ্ধনৰ জৰিয়তে পয্যটনস্থলী হিচাপে গঢ়ি তোলাৰ অৱকাশ আছিল যদিও বৰ্তমান এই পুখুৰীটো উন্মুক্ত প্ৰায় অৱস্থাত থকা দেখা গৈছে । তদাৰকৰ অভাৱত পৰি পুখুৰীটো বেৰি ৰখা ফেন্সিংসমূহো কোনো দুষ্ট চক্ৰৰ হাতত পৰি নোহোৱা হোৱাৰ লগতে পুখুৰীটোৰ চৌপাশ হাবি-জংঘলে আৱৰি ধৰিছে ।