নিৰ্বাচন: অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় নেতাৰ

🎬 Watch Now: Feature Video

thumbnail
অসমত এতিয়া নিৰ্বাচনৰ বতৰ ৷ সমষ্টিলৈ সঘন আহ-যাহ চলিছে জন প্ৰতিনিধিৰ ৷ দলীয় নেতা-পালিনেতাৰ এইকেইদিনত ব্যস্ততাৰ সীমা নাই ৷ কাৰণ নিৰ্বাচন আহিছে ৷ নিৰ্বাচন আহিছে বুলিয়েই পাঁচ বছৰ ধৰি সমষ্টিৰ ৰাইজে মুখ নেদেখাজন প্ৰতিনিধিকেইজনো ৰাইজৰ কাষলৈ ওলাই গৈছে ৷ পাৰ্যমানে প্ৰতিশ্ৰুতি দিছে, ৰাইজৰ দুখৰ বুজ লৈছে ৷ যেন এইবাৰ জিকিলে ৰাইজৰ সমস্ত দুখ দূৰ কৰিবই, এনেহেন মনোভাৱ নেতাৰ ৷ কাৰণ এয়া যে নিৰ্বাচনৰ সময় ৷ নিৰ্বাচনী উচাহ কেৱল ৰাজ্যৰ নেতা-নেতৃত্বৰ গাতেই লগা নাই ৷ নিৰ্বাচনী বতাহজাকে চুই গৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলকো ৷ সেয়ে দলৰ হৈ ভোটাৰৰ মন জয় কৰিবলৈ এতিয়া ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অসম ভৰি পৰিছে ৰাষ্ট্ৰীয় নেতাৰে ৷ অসমলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা আহিছে, হেলিকপ্তাৰৰ ধূলি উৰুৱাই অসমৰ ৰাইজৰ মাজলৈ আহি নিজ নিজ দলৰ প্ৰতি ৰাইজক আকৰ্ষণ কৰাৰ অবিৰত চেষ্টা চলিছে ৷ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত আৰু নেতা আহিব অসমলৈ ৷ অসমৰ আকাশত উৰিব হেলিকপ্তাৰ ৷ ইয়াৰ মাজত অসমৰ ৰাইজৰ মন কোন দলে জয় কৰিব পাৰে সেয়া হে লক্ষণীয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.