thumbnail

হোজাই জিলা বাসীয়ে ঘৰতে আদায় কৰিলে ঈদৰ নামাজ

By

Published : May 14, 2021, 10:26 PM IST

এমাহ যোৰা ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে শুকুৰবাৰে উদযাপন কৰে পবিত্ৰ ঈদ-উল-ফিটৰ । সমগ্ৰ দেশবাসীৰ সমান্তৰালকৈ হোজাই জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও আদায় কৰিলে ঈদৰ নামাজ । কিন্তু অইন বাৰতকৈ সম্পূৰ্ণ ব্যতিক্ৰম এইবাৰৰ ঈদ । সমগ্ৰ বিশ্বতে ক’ভিডৰ সংহাৰি ৰূপৰ প্ৰতি লক্ষ্য ৰাখি ইছলাম ধৰ্মাৱলম্বী লোক সকলে এইবাৰ ঘৰতে আদায় কৰিলে ঈদৰ নামাজ । চৰকাৰে বান্ধি দিয়া কভিড প্ৰট'কল ৰক্ষা কৰি হোজাইৰ ইছলাম বস্তি মছজিদ আৰু ইছলাম বস্তি ঈদগাহ মৈদানৰ গেটত তলা বন্ধ কৰি মছজিদ পৰিচালনা সমিতিয়ে সমগ্ৰ হোজাইবাসী ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ আহ্বান জনায় । সকলো লোকে ঘৰতে থাকি নিজৰ লগতে আনৰ জীৱন ৰক্ষা কৰাৰ লগতে আল্লাহৰ ওচৰত সমগ্ৰ বিশ্ববাসীৰ মংগলৰ বাবে দোৱা কৰিবলৈ আহ্বান জনায় ইছলাম বস্তি মছজিদ পৰিছালনা সমিতিৰ সভাপতিৰ লগতে সদস্য সকলে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.