thumbnail

By

Published : Mar 6, 2021, 11:51 AM IST

ETV Bharat / Videos

নাহৰকটীয়াত আবতৰীয়া দীপাৱলী পালন

নাহৰকটীয়াত উদযাপন কৰা হৈছে আবতৰীয়া দীপাৱলী ৷ আতচবাজীৰে মুখৰিত হৈ পৰিছে নাহৰকটীয়াৰ আকাশ-বতাহ ৷ কাৰণ ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব যুৱ নেতা তথা ৰাজ্যিক বিজেপিৰ সম্পাদক তৰংগ গগৈয়ে ৷ শুকুৰবাৰে সন্ধিয়া দলীয় নেতৃত্বই তৰংগ গগৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিচতেই এতিয়া নাহৰকটীয়াত বিজেপি কৰ্মীসকলৰ মাজত বৈছে আনন্দৰ বন্যা ৷ নাহৰকটীয়া মণ্ডল বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত বিজেপি কৰ্মীসকলে আতচবাজী প্ৰদৰ্শন কৰাৰ লগতে ইজনে-সিজনক মিঠাই খুৱাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে ২০১৬ ৰ বিধানসভা নিৰ্বাচনত অগপক এৰি দিয়া হৈছিল নাহৰকটীয়া সমষ্টি ৷ কিন্তু এইবাৰ এই আসন বিজেপিয়ে নিজৰ দখললৈ আনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.