নামনি অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে বানাক্ৰান্ত লোকৰ আৰ্তনাদ ৷ সমষ্টিটোৰ মালিবাৰী, শালমাৰা, ডেকাচাং, সোণতলী আদি অঞ্চলত এতিয়াও শ শ বানাক্ৰান্ত মথাউৰি, স্কুল আদিত শিবিৰ পাতি বসবাস কৰি আছে যদিও বন্যাৰ্ত সকলৰ প্ৰতি ন্যূনতম গুৰুত্ব নাই প্ৰশাসন তথা স্থানীয় বিধায়িকা নন্দিতা দাসৰ । যাৰ বাবে এমুঠি চাউলৰ অভাৱত হাহাকাৰ কৰিছে বন্যাৰ্তই ৷