thumbnail

By

Published : Dec 14, 2021, 8:55 AM IST

ETV Bharat / Videos

আঘোণৰ পথাৰত এতিয়া ন-খোৱা উৎসৱ

আঘোণৰ পথাৰত এতিয়া ন-খোৱাৰ বতৰ (Na Khowa festival) ৷ চহা কৃষকৰ ঘৰে ঘৰে আঘোণ মাহৰ এক পৰিচিত ছবি ন-খোৱা । কিন্তু বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হ্ৰাস পাইছে এই পৰম্পৰা ৷ অৱশ্যে এতিয়াও একেবাৰে শেষ হৈ যোৱা নাই এই পৰম্পৰা । পথাৰৰ পৰা সোণগুটি চপাই আনি তৃপ্তিৰে এসাঁজ লগে-ভাগে খোৱাতো আছে অন্য এক মাদকতা । কিন্তু নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ ঊৰ্ধমুখী দাম(Price Hike in Assam), কৰ্মব্যস্ততা আদি বহু কাৰকৰ বাবে এই ন-খোৱা পৰ্ব আজি বহুতে জাক-জমকতাৰে অনুষ্ঠিত কৰিব নোৱাৰা হ'ল । সেয়ে নতুন প্ৰজন্মক ন-খোৱাৰ দৰে অনুষ্ঠানৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে সোমবাৰে টীয়ক গুৱালৰবাৰী গাঁৱৰ একাংশ যুৱক-যুৱতী, বোৱাৰীৰ উদ্যোগত পথাৰতে আয়োজন কৰা হয় সমূহীয়া ন-খোৱা উৎসৱৰ (Na Khowa festival celebrate at Teok) । যাৰ বাবে পুৱাৰ পৰা ন-খোৱাক লৈ গুৱালৰবাৰী পথাৰত পৰিলক্ষিত হয় এক উৎসৱমুখৰ পৰিৱেশ । পাচলি কটা, কলৰ ডোলাৰ প্ৰস্তুত কৰাৰ লগতে বিভিন্ন সুস্বাদু খাদ্য প্ৰস্তুতকৰণত ব্যস্ত হৈ পৰে সকলো । পৰম্পৰা ৰক্ষা কৰি অসমীয়া সমাজৰ (Culture of the Assamese people) বিভিন্ন থলুৱা ব্যঞ্জনেৰে এই ন-খোৱা উৎসৱটি উপভোগ কৰে গাঁৱৰ ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.