জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী স্মৃতি বড়াৰ বাসগৃহত সাংসদ তপন গগৈ

By

Published : Sep 30, 2021, 9:43 PM IST

thumbnail
জটিল ৰোগত আক্ৰান্ত হৈ থকা টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী স্মৃতি বড়াৰ ঘৰত উপস্থিত হ'ল যোৰহাট সাংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ৷ বৃহস্পতিবাৰে বিয়লি ছাত্ৰী গৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় সাংসদ গৰাকীয়ে ৷ আৰ্থিকভাৱে পিছপৰা পৰিয়ালটিৰ জটিল সন্ধিক্ষণত উপস্থিত হৈ সাংসদ গৰাকীয়ে উন্নত চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ লগতে ছাত্ৰীগৰাকীৰ দ্ৰুত আশু আৰোগ্য কামনা কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷ উল্লেখযোগ্য যে, কোনোমতে পেটে ভাতে খাই চলি থকা পৰিয়ালটিৰ জেষ্ঠ কন্যাগৰাকীৰ চিকিৎসাৰ বাবে অসমৰ বহুজন সুহৃদয়বান লোকে আগবঢ়োৱা বৰঙণিৰে ছাত্ৰীগৰাকীক 29 ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ৷ ইতিমধ্যেই ছাত্ৰী গৰাকীৰ চিকিৎসা আৰম্ভ হৈছে বুলিও জানিব পৰা গৈছে ৷ সাংসদ গৰাকীয়েও GMCH ৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সকলো সা সুবিধাৰ ব্যৱস্থা কৰি দিছে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.