by election : নতুন বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিত দিলীপ শইকীয়াৰ - by election
🎬 Watch Now: Feature Video

"ৰাজনীতিত কোনো অসম্ভৱ বুলি কথা নাই । কোনো বেলেগ ৰাজনৈতিক দলৰ নেতা, সাংসদ বা বিধায়ক যদি বিজেপিলৈ আহিব বিচাৰে, সেয়া বিজেপি দলৰ মজিয়াত আলোচনা কৰা হ'ব । আৰু দলে যিটো সিদ্ধান্ত ল'ব সেয়াই চুড়ান্ত সিদ্ধান্ত হ'ব । কোনো দলৰ বিধায়ক বিজেপিত যোগদান কৰাটো নুই কৰিব নোৱাৰি ৷" সাংবাদিকৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰিছে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই ৷ কমলপুৰ সমষ্টিৰ দ্বিগুণপাৰত অনুষ্ঠিত হৈ থকা জগদ্ধাত্ৰী পূজাস্থলীত শুকুৰবাৰে উপস্থিত হৈছিল সাংসদ দিলীপ শইকীয়া ৷