মৰাণ বিহুগীতৰ ভিডিঅ’ উন্মোচন - মৰাণ ছাত্ৰ সন্থা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11365806-thumbnail-3x2-a.jpg)
অসমৰ সংগীত জগতৰ এগৰাকী চিনাকি শিল্পী নিলাক্ষী নেওগৰ কণ্ঠত দেওবাৰে এক মৰাণ বিহুগীত আৰু ভিডিঅ'ৰ মুক্তি দিয়া হয় । তিনিচুকীয়াৰ বৰগুৰিস্থিত বদৌছা ভৱনত এক অনুষ্ঠানৰ জৰিয়তে মৰাণ বিহু গীতটোৰ অডিঅ' আৰু ভিডিঅ’ মুকলি কৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে । অনুষ্ঠানত শিল্পী নিলাক্ষী নেওগ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মুনীন দুৱৰা, মৰাণ সাহিত্য সভাৰ সম্পাদক (প্ৰশাসনিক) মনোৰঞ্জন মৰাণ, মৰাণ জাতীয় মহিলা পৰিষদৰ উপদেষ্টা ৰুণু মৰাণ চাউৰক, মৰাণ বিহুগীতৰ সংগ্ৰাহক অৰ্চনা ডাঙৰীয়া আদিৰ উপৰিও গীতটোৰ সৈতে জড়িত কলা-কুশলীসকল উপস্থিত থাকে ৷