দিন-দুপৰতে গাড়ীৰ গ্লাছ ভাঙি লুটি নিলে ধন - Assam Medical College

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 30, 2021, 9:59 AM IST

ডিব্ৰুগড় চহৰৰ পল্টন বজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হয় ডকাইতি কাণ্ড । ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্য নিৰ্বাহক ৰূপম দাস নামৰ ছাত্ৰ নেতাজনৰ as-06 aa-7733 নম্বৰৰ ব্যক্তিগত বাহনখনৰ আইনা ভাঙি ডকাইতৰ দলে প্ৰায় ৩৫ হাজাৰ নগদ টকাসহ অন্যান্য সামগ্ৰী লুট কৰি নিয়ে । আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন-দুপৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাত চহৰখনৰ বিভিন্ন দল-সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । উল্লেখ্য যে, এই ঘটনাৰ এমাহ পূৰ্বে উক্ত অঞ্চলৰ সমীপত অসম চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্চিং কলেজৰ এগৰাকী ছাত্ৰীক দুৰ্বৃত্তই দুৰ্বৱহাৰ কৰা কাৰ্যই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । পুনৰ এমাহৰ পিছতেই একেটা অঞ্চলতে ডকাইতৰ দলে ধন লুট-পাট কৰাৰ ঘটনাই চহৰখনৰ নাগৰিকৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী যে বিফল হৈছে সেই কথা প্ৰতীয়মান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.