সমষ্টিবাসীক সম্বোধন বিধায়ক সত্যব্ৰত কলিতাৰ
🎬 Watch Now: Feature Video
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ কিন্তু এইখিনি সময়তো অব্যাহত আছে মিত্ৰজোঁট, মহাজোঁটৰ টিকট বঞ্চিত প্ৰাৰ্থী আৰু সমৰ্থকৰ খং, ক্ষোভ, অভিমান ৷ সমান্তৰালকৈ অসম গণ পৰিষদ দলৰ ভিতৰ চ'ৰাতো অব্যাহত আছে দলীয় নেতা কৰ্মীৰ খং, ক্ষোভ ৷ ইয়াৰ মাজতে শুকুৰবাৰে সমষ্টিবাসীক সম্বোধন কৰে কমলপুৰ সমষ্টিত এইবাৰ অগপ দলৰ পৰা টিকট বঞ্চিত প্ৰাৰ্থী সত্যব্ৰত কলিতাই ৷ বিগত পাঁচ বছৰে কমলপুৰ সমষ্টিত সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাই ৷ লগতে পৰৱৰ্তী সময়ত সমষ্টিৰ দলীয় কৰ্মীসকলৰ সিদ্ধান্ত মৰ্মে ভবিষ্যত কাৰ্যপন্থা নিৰূপণ কৰিব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ প্ৰায় 40 বছৰীয়া ৰাজনৈতিক জীৱন অতিবাহিত কৰা বিধায়কগৰাকীয়ে আজীৱন সমষ্টিৰ মাজত থাকি আগবঢ়ায় যাব সমাজ সেৱা ৷