আজি ভাৰতৰ নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব সঞ্জীৱ খান্নাই - JUSTICE SANJIV KHANNA
ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ ৰূপে আজি ৰাষ্ট্ৰপতি ভৱনত ন্যায়াধীশ সঞ্জীৱ খান্নাই শপত গ্ৰহণ কৰিব ৷


By ANI
Published : Nov 11, 2024, 9:23 AM IST
নতুন দিল্লী : আজি ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(CJI) হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই । পুৱা ১০ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত ভাৰতৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ন্যায়াধীশ খান্না । ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত সভাপতিত্ব কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷
মুখ্য ন্যায়াধীশ হিচাপে ছমাহৰ বাবে কাৰ্যনিৰ্বাহ কৰিবলগীয়া ন্যায়াধীশ খান্নাৰ বাবে স্থান মুকলি কৰি দেওবাৰে বিদায়ী CJI ধনঞ্জয় য়েশ্বৱন্ত চন্দ্ৰচূড়ে অৱসৰ গ্ৰহণ কৰে । সংবাদ সংস্থা ANI-এ এনেদৰে উল্লেখ কৰে ৷
উল্লেখ্য যে, ১১ নৱেম্বৰ, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰত চৰকাৰে ন্যায়াধীশ সঞ্জীৱ খান্নাক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দি আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছিল ৷ আইন আৰু ন্যায় মন্ত্ৰালয়ে নিজৰ অধিসূচনাত নিশ্চিত কৰিছে যে ৰাষ্ট্ৰপতিয়ে, ১২৪ নং অনুচ্ছেদৰ দফা (২)ৰ অধীনত ভাৰতৰ সংবিধানে ন্যায়াধীশ খান্নাক দেশৰ সৰ্বোচ্চ ন্যায়িক পদত নিযুক্তি দিয়া হৈছে ।

ন্যায়াধীশ সঞ্জীৱ খান্না :
১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ খান্নাই ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে যোগদান কৰি আইনী কেৰিয়াৰ আৰম্ভ কৰে । সাংবিধানিক আইন, কৰ, সালিসী, বাণিজ্যিক আইন, পৰিৱেশ আইনকে ধৰি বহুতো আইনী ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আছে । ন্যায়াধীশ খান্নাই আয়কৰ বিভাগৰ জ্যেষ্ঠ ষ্টেণ্ডিং কাউন্সিল হিচাপেও কাম কৰিছিল ষ লগতে তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডক প্ৰতিনিধিত্ব কৰিছিল ।
২০০৫ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত হোৱাৰ পিছত ২০০৬ চনত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় । ২০১৯ চনৰ ১৮ জানুৱাৰীত ন্যায়াধীশ খান্নাক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে উন্নীত কৰা হয় ।
শেষৰটো কৰ্মদিনত ভাৰতৰ বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নিজৰ কাৰ্যকালৰ কথা চিন্তা কৰি আৱেগিক হৈ পৰে আৰু কয়, "আৰ্তজনক সেৱা আগবঢ়াব পৰাতকৈ ডাঙৰ অনুভৱ নাই ।" শুকুৰবাৰে তেওঁৰ আন্তৰিক বিদায়ী ভাষণত CJI চন্দ্ৰচূড়ে পিছৰ শাৰীত বহি আইনৰ ছাত্ৰ হোৱাৰ পৰা উচ্চতম ন্যায়ালয়ৰ সভাপতিত্ব কৰালৈকে তেওঁৰ যাত্ৰাৰ বিষয়ে সকলোৰে আগত মনৰ কথাবোৰ ভাগ-বতৰা কৰে ।
তেওঁ জাতিটোৰ সেৱা কৰাৰ গৌৰৱৰ কথা কয় ৷ কাৰ্যভাৰ গ্ৰহণৰ প্ৰতিটো দিনেই কেনেদৰে পেছাদাৰী বৃদ্ধি আৰু ব্যক্তিগত বিকাশ দুয়োটাৰে সুযোগ প্ৰদান কৰে সেই বিষয়েও তেওঁ আলোকপাত কৰে । (ANI)