thumbnail

কা' আন্দোলনৰ নামত ধ্বংসলীলা চলোৱা সকলক কি ক’লে পোনাকণ বৰুৱাই ?

By

Published : Feb 6, 2022, 9:35 PM IST

CAA আন্দোলনত চাবুৱাত ধ্বংসকাৰ্য কৰা আন্দোলনকাৰীৰ বিৰুদ্ধে হঠাৎ সোচ্ছাৰ হৈ পৰিল বিধায়ক পোনাকণ বৰুৱা (MLA Punakon Baruah criticized vandalism in CAA protest) ৷ "CAA আন্দোলনৰ নামত চাবুৱাত যি ধ্বংসলীলা ( vandalism in CAA protest) হ'ল সেয়া সমৰ্থনযোগ্য নহয় আমি ধ্বংসৰ বাবে আন্দোলন নকৰো । কিন্তু চাবুৱাত এচাম লোকৰ মাজত ধ্বংসাত্মক মানসিকতা গঢ়ি উঠিছে ।" বহুদিনৰ পাছত পুনৰ এইদৰে CAA আন্দোলনকাৰীৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা । উল্লেখ্য যে, বহুদিনীয়া অভাৱ পূৰণ কৰি চাবুৱাত গঢ় লৈ উঠিব এটা বহুৰূমযুক্ত অত্যাধুনিক অতিথিশালা । বহু সা-সুবিধা থাকিব লগা এই অতিথিশালাটো 2 কোটি 59 লাখ টকাৰে ব্যয়েৰে নিৰ্মাণ হ'ব । এই অতিথিশালাটো আধাৰশিলা স্থাপন কৰি দেওবাৰে এইদৰে কা’ আন্দোলনকাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে । কিয়নো চাবুৱাত কা’ আন্দোলন ব্যাপকভাৱে গঢ় লৈ উঠিছিল আৰু সেই সময়ৰ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহ জ্বলাই দিছিল প্ৰতিবাদকাৰী সকলে । সেয়েহে এইদৰে কা’ আন্দোলনকাৰিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিলে চাবুৱাৰ বৰ্তমানৰ বিধায়ক পোনাকণ বৰুৱাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.