Jaisi Karni Waisi Bharnii : প্ৰশান্ত ফুকন

By

Published : Oct 3, 2021, 12:33 PM IST

thumbnail
বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । "Jaisi Karni Waisi Bharnii" বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, শ্বেৰমান আলিৰ শেহতীয়া প্ৰতিক্ৰিয়া আৰু বক্তব্যসমূহে তেওঁ কিমান চেৰাই গৈছে তাকেই প্ৰমাণ কৰিছে । কিছুদিন পূৰ্বে শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম ইত্যাদি বক্তব্য দিয়া মানুহজনেই শ্বেৰমান আলি বুলি মন্তব্য কৰি এনে মানুহে অসমক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলিও বিধায়ক ফুকনে অভিযোগ কৰে । অসম আৰক্ষী আৰু অসম চৰকাৰক ধন্যবাদ জনাই ফুকনে কয়, "মই ভাৱো আইনে ব্যৱস্থা ল'ব আৰু দৰকাৰো আছে । এনে মন্তব্য কৰা মানুহক কঠোৰতকৈ কঠোৰ শাস্তি বিহিব লাগে । ৮৫৫ গৰাকী শ্বহীদক অপমান কৰাৰ ক'ত সাহস পালে তেওঁ ? এনেকুৱা উচটনিমূলক বক্তব্যৰে দেশখন বিভাজন কৰা, ৰাজ্যখন বিভাজন কৰাৰ চেষ্টা কৰা মানুহক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে" ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.