বানে গৰকা জাঁজীমুখৰ বৰমথাউৰিত এতিয়া আলি আই লৃগাঙক আদৰিবলৈ সাজু ডেকা-গাভৰু - আলি আই লৃগাঙক আদৰিবলৈ সাজু ডেকা গাভৰু
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14393977-155-14393977-1644220177183.jpg)
ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰে আলি আই লৃগাং (Ali Aye Ligang of Mising community) । উক্ত দিনটোতে আগন্তুক বৰ্ষৰ বাবে পূৰ্বৰ পৰা চলি অহা জনগোষ্ঠীয় নীতি পৰম্পৰাৰে কঠীয়া ৰোপণ কৰে কৃষক সমাজে ৷ ইয়াৰ লগতে পূৰ্বপুৰুষসকল স্মৰণ কৰি আগন্তুক খেতি খোলা যাতে সুন্দৰ হৈ পৰে তাৰ বাবে নেদেখাজনৰ চৰণৰ সেৱা জনায় । টীয়কৰ বানেগৰকা জাঁজীমুখৰ বৰমথাউৰি গাঁৱতো এতিয়া আলি আই লৃগাঙৰ ব্যাপক প্ৰস্তুতি চলিছে (Mising community is welcoming Ali Aye Ligang) । গাঁওখনৰ পুৰুষ মহিলা ডেকা গাভৰু সকলো ব্যস্ত হৈ পৰিছে উৎসৱ আদৰিবলৈ । বছৰটোৰ অধিকাংশ সময়ে বান গৰাখহনীয়া সমস্যাৰ মাজত জীৱন অতিবাহিত কৰা এইসকল গঞাঁই আপোন উৎসৱটি আদৰিবলৈ সকলো ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে । আহকচোন, জানো এই অঞ্চলত কিদৰে চলিছে লৃগাঙৰ প্ৰস্তুতি ৷