ডিব্ৰুগড়ত চাডেন ভিজিট মন্ত্ৰী পীযুষ হাজৰিকাৰ - পীযুষ হাজৰিকা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 29, 2021, 10:52 PM IST

মুখ্যমন্ত্ৰীৰ নিদেৰ্শত পাছতে বুধবাৰে ডিব্ৰুগড়ত চাডেন ভিজিট মন্ত্ৰী পীযুষ হাজৰিকাৰ । ডিব্ৰুগড় মাৰোৱাৰী আৰোগ্য ভৱনৰ ক'ভিড ভেকচিনেশ্যন চেন্টাৰ পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীগৰাকীয়ে টীকাকৰণ কেন্দ্ৰটো পৰিদৰ্শনৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আলোচনা মিলিত হয় । তদুপৰি মন্ত্ৰী হাজৰিকাই চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ লগতো মত-বিনিময় কৰে‌ । উক্ত পৰিদৰ্শন কালত ডিব্ৰুগড় ৰাজহুৱা অনুষ্ঠান ক্ৰমে অংগনবাড়ী চেন্টাৰ, বিদ্যালয়, হাস্পতাল, ৰেলৱে ষ্টেচন, আদি পৰিদৰ্শন কৰে । বৃহস্পতিবাৰে ধেমাজিত হ'বলগীয়া কেবিনেট লৈ যাওঁতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে প্ৰত্যেক জিলাৰ ৰাজহুৱা অনুষ্ঠান অংগনবাড়ী কেন্দ্ৰ, বিদ্যালয়, হাস্পতাল, আদি পৰিদৰ্শন কৰি সমস্যা সমূহ বুজ লোৱা কথা উল্লেখ কৰে হাজৰিকাই । ডিব্ৰুগড় পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে জিলা প্ৰশাসনৰ বহুকেইগৰাকী বিষয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.