থাওৰাৰ হিংসাত্মক ঘটনাৰ বাবে ৰাইজৰ দলকে জগৰীয়া কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই - মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13476958-thumbnail-3x2-jdjjd.jpg)
বিজেপি দলৰ জোনাইৰ বিধায়ক ভূৱন পেগুৱে ৰাইজৰ দলৰ কৰ্মীক মাৰধৰ কৰাৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ তেওঁ কয়, অখিল গগৈৰ আৰু ৰাইজৰ দলৰ ভুলৰ বাবেই সৃষ্টি হৈছে সংঘাত ৷ মুখ্যমন্ত্ৰীৰ আগমনক লৈ থাওৰাত বিজেপিৰ বেনাৰ পোষ্টাৰ লগোৱা হৈছিল আৰু বিজেপিৰ পোষ্টাৰৰ মাজত ৰাইজৰ দলৰ কৰ্মীয়ে ৰাইজৰ দলৰ পোষ্টাৰ লগাই দিয়া বাবেই বাক-বিতণ্ডা সৃষ্টি হৈছিল বুলি কয় মন্ত্ৰী গৰাকীয়ে ৷