শোণিতপুৰত আৰম্ভ হ'ল মেগা ভেকচিনেচন ড্ৰাইভ - চাহ বাগিচাৰ অঞ্চলত সংক্ৰমণ বৃদ্ধি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 21, 2021, 9:13 PM IST

ৰাজ্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ ৷ ইয়াৰ মাজতে শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰিলে তেজপুৰৰ হেমবৰুৱা ভৱনত চলি থকা ভেকচিন কেন্দ্ৰ ৷ লগতে বুজ লয় ভেকচিন প্ৰদান কেন্দ্ৰটোৰ সামগ্ৰিক পৰিৱেশ ৷ পৰিদৰ্শনৰ অন্তত মন্ত্ৰী গৰাকীয়ে কয় যে, শোণিতপুৰ জিলাত শেহতীয়াকৈ ক'ভিডৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ৷ বিশেষকৈ চাহ বাগিচা অঞ্চলত সংক্ৰমণ বৃদ্ধি পাইছে ৷ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰীক্ষা বৃদ্ধি কৰিছে ৷ সোমবাৰৰ দিনটোত শোণিতপুৰ জিলাত 15 হাজাৰ ভেকচিনৰ লক্ষ্য কৰা হৈছিল যদিও জিলাখনত মুঠ 18 হাজাৰ ভেকচিন প্ৰদান কৰা হয় ৷ আনহাতে আইআইটি(IIT) কানপুৰৰ তথ্য অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যত সংক্ৰমণ কমা নাই যদিও অসমত ইয়াৰ শতকৰা হাৰ পূৰ্বতকৈ হ্ৰাস পাইছে আৰু চৰকাৰে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে ৷ আনহাতে তৃতীয় লহৰৰ বাবেও সষ্টম হৈ আছে ৰাজ্য চৰকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.