মাজুলীত চিকিৎসকৰ অভাৱত প্ৰসূতিৰ মৃত্যু - মাজুলীত অৱহেলাৰ বাবে প্ৰসূতিৰ মৃত্যু
🎬 Watch Now: Feature Video
মাজুলীত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে এগৰাকী প্ৰসূতিৰ (Maternal death due to medical negligence) ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 9 বজাত ফুলনি পঞ্চায়তৰ অধীনষ্ঠ হাতীমূৰীয়া মিচিং গাঁৱৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল গড়মূৰ জিলা চিকিৎসালয়ত ৷ কিন্তু জানিব পৰা মতে, শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা পূজা নৰহ নামৰ প্ৰসূতিগৰাকীয়ে চিকিৎসালয়তে মৃত্যুক সাৱটি লয় ৷ প্ৰসূতিগৰাকীৰ মৃত্যুৰ পিছত আত্মীয়সকলে কৰা অভিযোগ অনুসৰি, সেই সময়ত চিকিৎসালয়খনত উপস্থিত নাছিল কোনো এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ ৷ চিকিৎসালয়ত উপস্থিত থকা আশা কৰ্মীয়ে নাৰ্চক এই বিষয়ে অৱগত কৰিছিল যদিও কোনো ধৰণৰ গুৰুত্ব লাভ নকৰিলে ৷ যাৰ বাবে মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি লয় (Maternal death due to lack of doctors in Majuli) ৷ মহিলাগৰাকীৰ মৃত্যুৰ পিছতে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ আনহাতে, একেখন চিকিৎসালয়তে বুধবাৰে ভাগ্যশ্ৰী হাজৰিকা নামৰ এগৰাকী প্ৰসূতিক ভৰ্তি কৰোৱা হৈছিল যদিও কোনো এগৰাকী চিকিৎসক চিকিৎসালয়ত উপস্থিত নথকাত মহিলাগৰাকীক যোৰহাটলৈ প্ৰেৰণ কৰা হয় ৷ আনকি সেই সময়ত চিকিৎসালয়খনত নাছিল এখনো এম্বুলেঞ্চ ৷ এয়া মাথো দুটা উদাহৰণহে ৷ এতিয়া এনেদৰে চিকিৎসক আৰু পৰ্যাপ্ত সা-সুবিধা অবিহনেই চলিছে গড়মূৰ জিলা চিকিৎসালয় ৷ স্বাস্থ্য বিভাগে যিমানে দাবী কৰিলেও কিন্তু ৰাজ্যৰ একাংশ স্থানত এনেদৰে চলিছে স্বাস্থ্য সেৱা (Poor conditions of Medical services in various places of Assam) ৷
TAGGED:
Maternal death in Majuli