thumbnail

By

Published : Aug 20, 2021, 1:01 PM IST

ETV Bharat / Videos

AJPৰ উদ্যোগত নলবাৰীত গণ সত্যাগ্ৰহ

অসমৰ কৃষকৰ সমস্যা (Farmers problem) সমাধানৰ দাবীত বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে অসম জাতীয় পৰিষদে (AJP) প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অসম জাতীয় পৰিষদৰ নলবাৰী জিলা সমিতিয়েও জিলাখনত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে । নলবাৰী চহৰৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত অৰ্ধ শতাধিক কৰ্মীৰ উপস্থিতিত গণ সত্যাগ্ৰহ (mass satyagraha) কাৰ্যসূচী আয়োজন কৰে দলটোৱে । অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আয়োজন কৰা এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ দলীয় নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে । ইফালে এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ কৃষকসকলৰ বিভিন্ন সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনাই এজেপিৰ কৰ্মীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.