যোৰহাট: বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণী কিমান নিৰাপদ মানুহৰ সন্মুখত । ক্ষত-বিক্ষত অৱস্থাত চাহ বাগিচাত উদ্ধাৰ নাহৰফুটুকী । বন্যপ্ৰাণীৰ মৃত্যুয়ে ব্যথিত কৰিছে প্ৰকৃতিপ্ৰেমীক ৷ যোৰহাটৰ মৰিয়নী হোলোঙাপাৰাত অৱস্থিত গিবন অভায়ৰণ্যক লৈ ৰাজ্যবাসীয়ে সদায় গৌৰৱবোধ কৰে । কিয়নো কেৱল এছিয়াই নহয় সমগ্ৰ বিশ্বত বিলুপ্তপ্ৰায় ৬ টা প্ৰজাতিৰ বান্দৰ পোৱা যায় উক্ত অভায়ৰণ্যখনত । ছয়টা প্ৰজাতিৰ বান্দৰৰ লগতে বাঘ, হাতী আৰু অন্যান্য জীৱ-জন্তুৰো বিচৰণস্থলী গিবন ।
কিন্তু কেতিয়াবা খাদ্যৰ সন্ধানতেই হওক বা অন্য কোনো কাৰণত বনাঞ্চল পৰা জনাঞ্চললৈ ওলাই যায় হাতী-বাঘকে ধৰি অন্যান্য জীৱ-জন্তু । বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই যোৱা বনৰীয়া জীৱ-জন্তু জনাঞ্চলত কিমান নিৰাপদ তাৰ প্ৰমাণ পোৱা গ'ল যোৰহাটৰ মৰিয়নীত । বনাঞ্চলৰ পৰা ওলাই যোৱা এটা নাহৰফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা হয় চাহ বাগিচাত । ঘটনাৰ বিৱৰণী অনুসৰি বনাঞ্চলৰ পৰা ওলাই গৈ মৰিয়নী বৈদিহাত চাহ বাগিচাৰ লগতে অন্যান্য প্ৰান্তত কেইবাটাও নাহৰফুটুকী বাঘে বিচৰণ কৰি আহিছে ।
কিন্তু তাৰ মাজৰে এটা নাহৰফুটুকীক মৃত অৱস্থাত উদ্ধাৰ কৰা হ'ল মৰিয়নী বৈদিহাত চাহ বাগিচাত । মৃত অৱস্থাত উদ্ধাৰ কৰা বাঘটো দেহৰ বিভিন্ন স্থানত স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে আঘাতৰ চিন । এই আঘাতৰ চিনলৈ লক্ষ্য কৰিলে প্ৰতীয়মান হয় যে কোনো লোকে বাঘটোক হানি-খুচি হত্যা কৰিছে । কি পৰিস্থিতিত নাহৰফুটুকী বাঘটোৰ মৃত্যু হ'ল সেয়া বন বিভাগৰ নিৰপেক্ষ তদন্ততহে স্পষ্ট হ'ব ।
কিন্তু প্ৰকৃতিপ্ৰেমীসকলে ক'ব খোজে যে কোনো লোকে বাঘটোক হত্যা কৰি উক্ত স্থানত পেলাই দিছে । ইতিমধ্যে ঘটনাস্থলীত মৰিয়নী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটোক উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষা বাবে পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, আজিৰে পৰা দুটা মাহৰ আগতে এজন লোকৰ ঘৰত আশ্ৰয় লোৱা এটা নাহৰফুটুকী বাঘক অতি নৃশংসভাৱে হানি খুচি হত্যা কৰা হৈছিল । মৰিয়নীত এটাৰ পিছত আন এটা বন্যপ্ৰাণীৰ মৃত্যুয়ে ব্যথিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক ।