বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত স্বপং য়ং মানাও পয় - চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10618747-902-10618747-1613266924042.jpg)
শনিবাৰে মাৰ্ঘেৰিটাৰ ইনথেমত অনুষ্ঠিত হয় চিংফৌ জাতীয় উৎসৱ স্বপং য়ং মানাও পয় ৷ স্বকীয় সাজ পাৰ পৰিধান কৰি জনগোষ্ঠীটোৰ আবাল বৃদ্ধ বনিতাই গীতৰ তালে তালে নাচি বাগি স্বপং য়ং মানাও পয় উৎসৱত মতলীয়া হৈ পৰিছে ৷ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই উৎসৱৰ শনিবাৰৰ দিনটোত অসম অৰুণাচলৰ চিংফৌ তথা সমগোত্ৰীয় জনগোষ্ঠীয় ৰাইজৰ লগতে হিলদল ভাঙি সকলো জাতি-জনগোষ্ঠীয় লোকেৰ লগতে দেশ-বিদেশৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, স্বপং য়ং মানাও পয় উৎসৱৰ প্ৰতীক ‘শ্বুদুং’ চাৰিওকাষে মনৰ আনন্দতে নাচি বাগি মতলীয়া হৈ পৰিছে ৷