গান্ধী জয়ন্তী উপলক্ষে চন্দ্ৰপুৰত মাৰাথন দৌৰ - স্বচ্ছতাৰ অভিযান
🎬 Watch Now: Feature Video

মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ ভিন্ন প্ৰান্তত জাতিৰ পিতাগৰাকীক স্মৰণ কৰি চৰকাৰী-বেচৰকাৰীভাৱে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীৰ চন্দ্ৰপুৰতো গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় মাৰাথন দৌৰ প্ৰতিযোগিতা । চন্দ্ৰপুৰৰ ঠাকুৰকুছিস্থিত খামব্ৰেঙা বিলৰ পৰা পানীখাইতি তিনটুকুৰালৈ সামৰি মুঠ ৩২ কিল’মিটাৰৰ পথচোৱাত অনুষ্ঠিত হয় এই মাৰাথন দৌৰ প্ৰতিযোগিতা । খামব্ৰেঙা খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু লায়ন্স ক্লাব গুৱাহাটীৰ সহযোগত অনুষ্ঠিত হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাত চন্দ্ৰপুৰ অঞ্চলৰ লগতে নলবাৰী, বৰপেটা, নগাঁও, মৰিগাঁও আদি বিভিন্ন জিলাৰ পৰা অহা প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । উক্ত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ৰবীন দাস (সৰ্থেবাৰী, বৰপেটা), দ্বিতীয় স্থান লাভ কৰে ছফিকুল ইছলাম (ছয়গাঁও) আৰু তৃতীয় স্থান দখল কৰে হাবিজুল হকে(ছয়গাঁও) ৷ ইফালে স্বচ্ছ ভাৰত দিৱস উপলক্ষে গুৱাহাটী লায়ন্স ক্লাবে চন্দ্ৰপুৰত স্বচ্ছতাৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ।