মৰাণত বিহু নাচ কৰ্মশালাৰ সফল সামৰণি - মৰাণ জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট
🎬 Watch Now: Feature Video
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত কাকপথাৰৰ ডিৰা সোণজানত অনুষ্ঠিত হৈ থকা বিহু নাচ কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ৷ সোণজান ৰাজহুৱা খেলপথাৰত যোৱা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা কৰ্মশালাখনিত অঞ্চলটোৰ প্ৰায় ডেৰ শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰিছিল ৷ বিলুপ্ত হ’ব ধৰা মৰাণ জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্য, কৃষ্টি-সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে আয়োজন কৰা কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মৰাণ বিহু নাচৰ প্ৰশিক্ষক সুশীল দুৱৰা, মৃণাল মৰাণ, দেৱজিৎ মৰাণ ৷ কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটোত মৰাণ ছাত্ৰ সন্থা, মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ মহিলা পৰিষদৰ নেতৃবৃন্দকে ধৰি অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷