thumbnail

মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানিকপুৰত লাচিত সেনা অসমৰ প্ৰতিবাদ

By

Published : Oct 13, 2021, 5:59 PM IST

পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ । বুধবাৰেও বঙাইগাঁও জিলাৰ মাণিকপুৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে লাচিত সেনা অসমৰ মাণিকপুৰ আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিক লৈ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা মন্তব্যক গৰিহনা দিয়ে প্ৰতিবাদকাৰী সকলে । শীঘ্ৰেই পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.