মুক্তি পালে বিজেপিৰ নিৰ্বাচনী গীত - নিৰ্বাচনী গীত
🎬 Watch Now: Feature Video

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজক আকৃষ্ট কৰাৰ বাবে ন ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে ৰাজনৈতিক দলসমূহে । পিছ পৰি ৰোৱা নাই ভাৰতীয় জনতা পাৰ্টী । মঙলবাৰে উন্মোচন কৰা হ'ল বিজেপিৰ নিৰ্বাচনী গীত । মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত গীতটি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । নিৰ্বাচনী গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে । অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ শাসন কালত ৰাজ্যত হোৱা উন্নয়নমূলক কাম-কাজৰ বিষয়ে এই গীতৰ মাজেৰে প্ৰকাশ কৰা হৈছে । লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি থকা ৰাইজৰ মৰম এই গীতৰ মাজেৰে ফুটি উঠিছে বুলি বিজেপিৰ কৰ্মকৰ্তাই জানিবলৈ দিছে ।