thumbnail

By

Published : Oct 10, 2021, 10:41 PM IST

Updated : Oct 11, 2021, 1:21 PM IST

ETV Bharat / Videos

এইবাৰ অসমীয়া পৰম্পৰাগত সাজ-পাৰত মা দুৰ্গা

গুৱাহাটী মহানগৰীত অসমীয়া পৰম্পৰাগত সাজ-পাৰ, আ-অলংকাৰত দেখিবলৈ পোৱা গৈছে দেৱী দুৰ্গাৰ প্ৰতিমা । মহানগৰীৰ এগৰাকী মৃৎ শিল্পীয়ে অসমীয়া সাজ পাৰত নিৰ্মাণ কৰিছে প্ৰতিমা । মহানগৰীৰ বিষ্ণুপুৰৰ নিৰ্মল পাল নামৰ মৃৎ শিল্পীগৰাকীয়ে প্ৰায় দুমাহৰ ভিতৰত নিৰ্মাণ কৰিছে দুৰ্গাদেৱীৰ প্ৰতিমা । প্ৰতিমাটোৰ উচ্চতা ৯ ফুট বহল ১৪ ফুট । মৃৎ শিল্পীগৰাকীয়ে ৪০ বছৰ লগত এই শিল্পৰ লগত জড়িত হৈ আছে যদিও এইবাৰ প্ৰথমবাৰৰ বাবে অসমীয়া পৰম্পৰাগত সাজ পাৰত নিৰ্মাক কৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা । দেৱীৰ প্ৰতিমাটোৰ সাজপাৰ আ অলংকাৰ সম্পূৰ্ণ মাটিৰে নিৰ্মাণ কৰিছে বুলি মৃৎ শিল্পী গৰাকীয়ে জনায়।
Last Updated : Oct 11, 2021, 1:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.