ছেমি ফাইনেলত স্তব্ধ লাভলীনা : কি কয় পিতৃয়ে ?
🎬 Watch Now: Feature Video
লাভলীনা ছেমিফাইনেলত পৰাজয়ৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পিতৃ টিকেন বৰগোঁহায়ে ৷ আজিৰ দিনটো তেওঁলোকৰ বাবে গৌৰৱোজ্জল দিন মন্তব্য প্ৰকাশ কৰে লাভলীনাৰ পিতৃয়ে ৷ আজিৰ দিনটোতে লাভলীনাই অলিম্পিকত বঞ্জৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । পিতৃ টিকেন বৰগোঁহায়ে লাভলীনাৰ এই জয় যাত্ৰাত উৎসাহ জনোৱাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্ম্মা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সমূহ অসম তথা ভাৰতবাসীক ধন্যবাদ জ্ঞাপন কৰে ।