চৰকাৰৰ দায়িত্বহীনতা: স্থানীয় লোকে মেৰামতি কৰিলে ভগ্ন মথাউৰি

By

Published : Jul 3, 2021, 2:20 PM IST

thumbnail

শিৱসাগৰ (Sivasagar) জিলাৰ আমগুৰিৰ দোপদৰ কৈৱৰ্ত গাঁৱৰ সমীপৰ প্ৰায় ১০ খন গাঁৱৰ লোকে শুকুৰবাৰে একত্ৰিতভাৱে বৰছিলা নদীৰ ভগ্ন মথাউৰি মেৰামতি কৰে ৷ নগা পাহাৰৰ পৰা বৈ অহা বৰছিলা নদীৰ বানে বিগত তিনি বছৰ পূৰ্বে মথাউৰি চিঙিছিল ৷ বৰছিলা নদীৰ বানত বৃহত্তৰ অঞ্চলটোৰ কৃষিপথাৰ বিনষ্ট কৰাৰ লগতে দোপদৰ কৈৱৰ্ত গাঁৱৰ অৰ্ধ শতাধিক পৰিয়াল বানত জুৰুলা হৈ আহিছিল । ভুক্তভোগী লোকে সংশ্লিষ্ট কৰ্তৃপক্ষক ভগ্ন মথাউৰি মেৰামতি কৰিবলৈ দাবী জনাই আহিছিল যদিও বিভাগে কোনো কাণসাৰ দিয়া নাছিল । জলসম্পদ বিভাগে (Irrigation Department) ভগ্ন মথাউৰি মেৰামতিৰ ক্ষেত্ৰত কোনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই । আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা (Amguri MLA Prodip Hazarika)কো ভুক্তভোগী গাঁওৰ লোকে মেৰামতি কৰিবলৈ দাবী জনাই আহিছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে । ফলত ভুক্তভোগী গাঁৱকেইখনৰ ৰাইজ আজি একত্ৰিত হৈ ভগ্ন মথাউৰি মেৰামতি কৰিবলৈ ওলাই আহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.