জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ? - rajkanya baruah news
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13595418-thumbnail-3x2-lk.jpg)
সুৰাৰ ৰাগীত মাতাল মডেল ৰাজকন্যাই ঘূণীয়া কৰা জোচেফ মাৰাকৰ মৃত্যু ৷ ৰুক্মিনীগাঁৱৰ হিট এণ্ড ৰাণ গোচৰত দুয়োখন ভৰি হেৰুৱাই চিকিৎসাধীন হৈ আছিল ৷ কিন্তু শেহতীয়াকৈ মৃত্যুমুখত পৰে জোচেফ মাৰাক ৷ এই ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কৰিছে কেতবোৰ মন্তব্য ৷ আইনৰ ধাৰা অনুসৰি 7 বছৰৰ পৰা দহ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত হ’ব পাৰে ৰাজকন্যা বৰুৱা ৷ জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে জনোৱা মতে সকলো নিৰ্ভৰ কৰিব আৰক্ষীয়ে কিদৰে গোচৰটোত ধাৰা সন্নিৱিষ্ট কৰে তাৰ ওপৰত ৷