অস্তিত্বৰ সংকটত বটদ্ৰৱাৰ কোবাই কটা সত্ৰঃ সত্ৰৰ ভূমিত নিৰ্মাণ হৈছে মছজিদ

By

Published : Nov 9, 2019, 8:17 PM IST

thumbnail
বটদ্ৰৱা, 9 নৱেম্বৰ : জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ নিচেই কাষতে থকা সতী ৰাধিকাৰ স্মৃতি বিজড়িত কোবাই কটা সত্ৰ এতিয়া অস্তিত্বৰ সংকটত ৷ অবৈধ ভূমি বেদখলৰ কবলত পৰাত সত্ৰখনৰ কেৱল তিনি কঠা 17 লোচা ভূমিহে ৰৈছেগৈ ৷ মাহ-চাউল ধোৱা চাৰি বিঘা ভূমিৰ পুখুৰীটোও বেদখলকাৰীৰ কৱলত পৰিছে ৷ পুখুৰীটোৰ এটা অংশ পুতি নিৰ্মাণ কৰা হৈছে মছজিদ ৷ এই লৈ এতিয়া শংকিত হৈ পৰিছে সত্ৰৰ ভকত-বৈষ্ণৱসকল ৷  বহু বছৰ ধৰি বটদ্ৰৱা থানৰ সহযোগত কিছুলোকে এই ঐতিহ্যমণ্ডিত থানখনৰ চোৱা-চিতা কৰি আহিছিল । কিন্তু, হঠাৎ কেইজনমান লোকৰ সহযোগত যুগল দেৱগোস্বামী নামৰ জখলাবন্ধাৰ এজন সত্ৰাধিকাৰে এই ঐতিহাসিক থানখনত নিজৰ ৰাজত্ব চলোৱা বুলি জানিব পৰা গৈছে । কোবাইকটা সত্ৰৰ ভকত-বৈষ্ণৱ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অজ্ঞাতে এজন লোকক সত্ৰাধিকাৰ পাতি দিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ভবিষ্যতে সত্ৰখনলৈ আহিবলগীয়া চৰকাৰী আৰ্থিক অনুদানৰ লালসাতেই এনেদৰে সত্ৰাধিকাৰ পতাৰ অভিযোগ উত্থাপন কৰিছে সত্ৰৰ ভকত-বৈষ্ণৱে ।  সমস্ত বিষয় সন্দৰ্ভত কোবাইকটা সত্ৰৰ ভকত-বৈষ্ণৱে বটদ্ৰৱা থান পৰিচালনা সমিতিক দাখিল কৰিছে লিখিত অভিযোগ । কোবাইকটা সত্ৰৰ ৰাইজৰ দাবী অনুসৰি, সত্ৰৰ ভকত-বৈষ্ণৱৰ অজ্ঞাতে পতা সত্ৰাধিকাৰজনক আঁতৰাই নতুনকৈ স্থানীয় উপযুক্ত ব্যক্তিক সত্ৰাধিকাৰ হিচাপে নিযুক্তি দিয়া উচিত । উল্লেখ্য যে, 1983 চনৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত কোবাইকটা গাঁৱৰ লোকসকলে প্ৰাণৰ মমতাত ওচৰৰ অন্য গাঁৱত আশ্ৰয় লোৱাত অস্তিত্ব সংকটত পৰে কোবাইকটা সত্ৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.