বহিঃৰাজ্যৰ পৰা লখিমপুৰত প্ৰৱেশ কৰা প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা - বহিঃৰাজ্যৰ পৰা লখিমপুৰত প্ৰৱেশ
🎬 Watch Now: Feature Video

বহিঃৰাজ্যৰ পৰা লখিমপুৰত প্ৰৱেশ কৰা প্ৰতিজন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে লখিমপুৰ জিলাৰ প্ৰৱেশ পথ ধলপুৰত। শেহতীয়াকৈ ৰাজস্থানৰ ক'টাৰ পৰা আহি গুৱাহাটীত সৰুসজাইত কোৱাৰেণ্টাইনত থকা একাংশ ছাত্ৰ ছাত্ৰী প্ৰৱেশ কৰিছে লখিমপুৰ জিলাত। এই সময়চোৱাত লখিমপুৰ জিলাৰ প্ৰৱেশ পথ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলপুৰত পুনৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ছাত্ৰ-ছাত্ৰী সকলৰ। ২৪ ঘণ্টাই সেৱা আগবঢ়াইছে আছে ধলপুৰ আৰক্ষী, নিৰাপত্তাৰক্ষী, আৰু স্বাস্থ্য কৰ্মীয়ে । কেৱল গুৱাহাটীৰ পৰা অহায়েই নহয়। আন জিলাসমূহৰ পৰা অহা প্ৰতিখন গাড়ীৰ যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে ধলপুৰত।