কমলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য্যৰ মনোনয়ন দাখিল
🎬 Watch Now: Feature Video
ৰাজ্যত এতিয়া অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল পৰ্ব ৷ ইয়াৰ মাজতে শুকুৰবাৰে কমলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য্যই দাখিল কৰিলে মনোনয়ন পত্ৰ ৷ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ আগমুহুৰ্তত সংবাদ মাধ্যমৰ আগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে নেতাগৰাকীয়ে ৷ নেতাগৰাকীয়ে উল্লেখ কৰা মতে, এইবাৰ কমলপুৰ সমষ্টিত দুটা ৰাষ্ট্ৰীয় দলৰ মাজতে মূল প্ৰতিদ্বন্দিতা হ'ব ৷ বিজেপিৰ দিগন্ত কলিতা আৰু কংগ্ৰেছৰ কিশোৰ ভট্টাচাৰ্য্যৰ মাজতে হ'ব এই প্ৰতিদ্বন্দিতা ৷ কমলপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কিশোৰ ভট্টাচাৰ্য্যই কংগ্ৰেছ পৰিয়াল সম্পূৰ্ণৰূপে একত্ৰিত হৈ থকা বুলিও দাবী কৰে ৷ লগতে কমলপুৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী জিকাই অনাৰ সংকল্প কংগ্ৰেছ কৰ্মীসকলে লোৱাৰ কথা উল্লেখ কৰে কিশোৰ ভট্টাচাৰ্য্যই ৷ কিমান ভোটৰ ব্যৱধান থাকিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কিশোৰ ভট্টাচাৰ্য্যই দিন বাগৰাৰ লগে লগে এই ব্যৱধান বাঢ়ি যাব বুলি উল্লেখ কৰে ৷