কঠিয়াতলীত উলহ-মালহেৰে উদযাপন কৰম পূজা

By

Published : Sep 12, 2021, 12:55 PM IST

thumbnail
নগাঁও জিলাৰ কঠিয়াতলীত শনিবাৰে নিশা উলহ-মালহেৰে উদযাপন কৰা হয় কৰম পূজা ৷ ঢোল আৰু মাদলৰ শব্দত মুখৰিত হৈ পৰে সমগ্ৰ পূজাস্থলী ৷ ভাদ মাহৰ একাদশীৰ দিনা পৰম্পৰাগতভাৱে আদিবাসী লোকসকলে অনুষ্ঠিত কৰি আহিছে এই পূজা ৷ মাদলৰ তালে তালে ঝুমুৰ নৃত্যত ব্যস্ত শিল্পীসকল ৷ চাহ জনজাতি সমাজৰ জাতীয় উৎসৱ কৰম পূজাক লৈ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে কঠিয়াতলীৰ ৰেংবেঙত । আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই কৰম পূজা ৷ কৰম পূজাথলীত আদিবাসী লোকসকলৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰি সমাজত এক সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে কৰম পূজা উদযাপন সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.