কমলপুৰত নগদ ১,৭৫,০০০ টকা জব্দ

By

Published : Mar 13, 2021, 4:45 PM IST

Updated : Mar 22, 2021, 10:01 PM IST

thumbnail
নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যত প্ৰতিদিনে জব্দ হৈছে লাখ লাখ টকা । আৰক্ষী-প্ৰশাসনে নিৰ্বাচনী আচৰণ বিধি উলংঘা নকৰিবলৈ বাৰম্বাৰ সকীয়াই দিয়াৰ পিছতো ভ্ৰূক্ষেপ নাই একাংশ লোকৰ । নগদ লাখ লাখ টকা সৰবৰাহ কৰি ষ্টেটিক ছাৰ্ভিলেঞ্চ টীমৰ ৰোষত পৰিছে বহু লোক । শনিবাৰে কমলপুৰতো উঠিল টকাৰ উজান । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত জব্দ হ'ল বৃহৎ পৰিমাণৰ ধন । কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত আৰু ফ্লাইং স্কোৱাডৰ সহযোগত জব্দ কৰা হয় ১,৭৫,০০০ লক্ষাধিক টকা । বৰমাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এএছ ২৮ ৯২৩৭ নম্বৰৰ বলেৰ' বাহনখনৰ পৰা কমলপুৰ আৰক্ষীয়ে জব্দ কৰে ধনখিনি ।
Last Updated : Mar 22, 2021, 10:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.