thumbnail

By

Published : Dec 2, 2019, 2:47 PM IST

ETV Bharat / Videos

ৰাজ্যসভাত কাজিৰঙাৰ প্ৰসংগঃ হাইলেণ্ড নিৰ্মাণৰ দাবী

দিল্লী,2 ডিচেম্বৰঃ ৰাজ্যসভাৰ মজিয়াত কাজিৰঙাৰ প্ৰসংগ ৷ বাৰিষাৰ সময়ছোৱাত হোৱা বানপানীৰ ফলত কাজিৰঙাৰ জীৱ জন্তুসমূহৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হয় ৷ বহু জীৱ জন্তুৱে ওখ ঠাই বিচাৰি জনাঞ্চললৈ ধাপলি মেলে ৷ এই সময়ত ছোৱাত একাংশ জীৱ জন্তু চোৰাং চিকাৰীৰ কৱলত পৰাৰ ফলত মৃত্যুক সাবটি ল'ব লগা হয় ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী সমূহৰ বাবে 33টা ওখ স্থান নিৰ্মাণ কৰিছে যদিও কাজিৰঙাৰ বন্যপ্ৰাণী সমূহৰ বাবে ই পৰ্যাপ্ত নহয় ৷ সেয়ে সোমবাৰে ৰাজ্যসভাত আৰু অধিক ওখ ঠাই অৰ্থাৎ হাই লেণ্ড নিৰ্মাণ কৰাৰ বাবে প্ৰস্তাৱ জনালে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.