যোৰহাটত অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল - jorhat press meet
🎬 Watch Now: Feature Video

যোৰহাটত বৃহস্পতিবাৰে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰে এক সংবাদমেলৰ ৷ পশ্চিম যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় উক্ত সংবাদমেল ৷ সংবাদমেলত সংগঠনটোৱে তীব্ৰ সমালোচনা কৰে বিধায়ক দুৰ্গা ভূমিজ আৰু তেৰচ গুৱালাক ৷ বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনা বিধানসভাৰ মজিয়াত অসম চাহ জনগোষ্ঠী জলহা সম্প্ৰদায়ক লৈ বিৰূপ মন্তব্য কৰিছিল বিধায়কদ্বয়ে ৷ সংবাদমেলত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতু আহমেদে মন্তব্য প্ৰকাশ কৰি কয় যে, বিধানসভাৰ পবিত্ৰ মজিয়াত চাহ জনগোষ্ঠীয় বিধায়ক দুৰ্গা ভূমিজ আৰু তেৰচ গুৱালাই জলহা সম্প্ৰদায়ক চাহ জনগোষ্ঠীৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচৰাটো দুৰ্ভাগ্যজনক ৷