যোৰহাটত বৃহৎ পৰিমাণৰ নগদ ধনসহ আটক দুই - আটক হয় দুই চোৰ
🎬 Watch Now: Feature Video

যোৰহাট আৰক্ষীৰ এক সফল অভিযান । সোমবাৰে চলা এক অভিযানত আৰক্ষীয়ে নগদ প্ৰায় ৫,৫০,৫০০ টকাসহ দুটাকৈ চোৰ আটক কৰিবলৈ সক্ষম হয় । চোৰ দুটা হৈছে শুৱনি গাঁৱৰ মধু নাথ আৰু প্ৰণৱ হাজৰিকা । বিগত ৪ আগষ্টত যোৰহাটৰ বৰিগাঁৱত সংঘটিত এক চুৰি কাণ্ডত জড়িত আছিল এই দুই চোৰ । সুৰেশ শৰ্মা নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পৰা তেওঁলোকে চুৰ কৰি নিছিল ৯ লাখ ২০ হাজাৰ টকা । কেইবাদিনো ধৰি পলাতক অৱস্থাত থকা চোৰ দুটাক যোৰহাট আৰু ভোগদৈ আৰক্ষীয়ে ধাৰাবাহিক অভিযানৰ অন্তত আটক কৰে ৷