Jorhat Majuli Bridge : শীঘ্ৰে মুকুলি হ’ব পশ্চিমেৰে মাজুলীৰ দুৱাৰ

🎬 Watch Now: Feature Video

thumbnail
মাজুলীৰ ৰাজপথত বাজিছে দবা-কাঁহ ৷ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিগত ২৯ নবেম্বৰত ঘোষণা কৰিছিল যে, যোৰহাট-মাজুলী সংযোগী দলং (Jorhat Majuli Bridge) হোৱাৰ উপৰিও মাজুলীৰ ৰাইজৰ সুবিধাৰ্থে পশ্চিম পাৰৰ লগত সংযোগ স্থাপন কৰিবলৈ আন এখন পকী দলং নিৰ্মাণ হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত (New bridge to Majuli) ৷ কথা মতেই কাম ৷ অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে বুধবাৰে এই দলঙৰ নিবিদা আহবান (Jorhat Majuli Bridge Tender) কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে মাজুলীবাসী । এই খবৰ লাভ কৰাৰ পাচতেই দবা, খোল, তাল বজাই, ফটকা ফুটাই আনন্দত আত্মহাৰা পৰিল মাজুলীবাসী ৷ কিয়নো মুকুলি হ’ব পশ্চিমেৰে মাজুলীৰ দুৱাৰ । অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ হ’ব লগা এই দলঙে পশ্চিমৰে সৈতে সংযোগ কৰিব মাজুলীক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.